Show/Hide Keyboard Layout

সেন্দূৰ সেন্দূৰ

- ভূপেন হাজৰিকা

সেন্দূৰ সেন্দূৰ ফোঁটটিয়ে

পাত গাভৰুৰ কপালতে

সলাজ মৰম আঁকি দি

কি যে সোৱাদ পায়;

মই আজিও নুবুজোঁ ।

 

গোলাপ গোলাপ গালতে নিয়ৰৰে ঘামবোৰে

অকাই-পকাই বৈ গৈ কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

 

নিলাজ নিলাজ ভংগিমাৰে, পাহাৰৰে চূড়াবোৰে

নিজৰাক জোকাই জোকাই কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

 

কপাহ কপাহ মেখেলাই; ঢাকি খোৱা নখেৰে

ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

 

সজল সজল চাৱনিৰে, কাজল ৰঙৰ নৈখনে

কোমল মেঘক কন্দুৱাই, কি যে সোৱাদ পায়

মই আজিও নুবুজোঁ ।

বুজিও নুবুজোঁ।

Hits: 1330